Logo
image

সোণোৱালৰ হৈ প্ৰচাৰ হিমন্ত বিশ্বৰঃ "বাংলাদেশৰ পৰা এতিয়া মানুহ নালাগে, চৰাই এটাও অসমত সোমাব নোৱাৰে"

'আমাৰ অসম'ৰ চাবুৱাৰ প্ৰতিবেদক, ১২ এপ্ৰিলঃ লোকসভা নিৰ্বাচনক লৈ ব্যস্ত শাসক-বিৰোধী৷ তুংগত নিৰ্বাচনী প্ৰচাৰ। শুকুৰবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত চাবুৱা ইয়ং-ব্লু খেলপথাৰত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ এই বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ 

খেলপথাৰৰ সমীপতে অৱস্থিত চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত হেলিকপ্টাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰি চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ ভিত্তিত অনুষ্ঠিত হোৱা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ সভাখনত  বিশাল জনতাক সম্বোধন কৰে৷ মুখ্যমন্ত্ৰীয়ে প্ৰখৰ ৰ’দকো নেওচি অপেক্ষাৰত ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাইজক সম্বোধন কৰে ৷ জনতাক সম্বোধন কৰি  মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি ভাষণ আগবঢ়ায় ৷ ‘ব’হাগ মাথো এটি ঋতু নহয়, ই অসমীয়া জনজীৱনৰ আয়ুস ৰেখা ....’ শীৰ্ষক বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ কথা সোঁৱৰি মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ 

তেওঁ কয় যে বিহুৰ সমান্তৰালকৈ অনুষ্ঠিত হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ জৰিয়তে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাব লাগিব আৰু বিশ্বৰ ভিতৰতে ভাৰতক শক্তিশালী কৰিব লাগিব ৷ অসমক অন্তৰৰ পৰা ভালপোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত কাৰ্যকালত ৬ বাৰকৈ অসমলৈ আহিছে৷ কংগ্ৰেছৰ কাৰ্যকালত কোনো প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত থাকিবলৈ অহা নাই৷ আনকি ডিঙিতো অসমৰ স্বাভিমান গামোচাও পিন্ধা নাছিল ৷ বিশ্বৰ যিকোনো ঠাইলৈ গ’লে অসমীয়াৰ স্বাভিমান গামোচাখন ডিঙিত লৈ ফুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

মুখ্যমন্ত্ৰীয়ে আৰু কয়, "প্ৰধানমন্ত্ৰীৰ ডিঙিত গামোচাখন দেখিলে মই সাহস পাওঁ, গামোচাখন দেখিলে মই প্ৰেৰণা পাওঁ"৷  প্ৰধানমন্ত্ৰীক প্ৰশংসাৰে উপচাই তোলা ভাষণ প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ দিনত কাজিৰঙাত এটাৰ পিছত আন এটা গঁডৰ হত্যা কৰা হৈছিল৷ গঁড়ৰ খৰ্গবিলাক কোনে লৈ যায়, সেয়া ভগৱানহে জানে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাত নিশা কটাই গঁড়ৰ ফটো তুলি এক্সযোগে প্ৰচাৰ চলায় সমগ্ৰ বিশ্বত৷ কংগ্ৰেছৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসমৰ বীৰত্বৰ চানেকীৰ আদৰ্শ পুৰুষ বীৰ লাচিত বৰফুকনৰ ১৪৫ ফুট ওখ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সাহস কৰা নাছিল৷ অসমৰ সকলো দিশতে উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে৷ ধলা-শদিয়া, বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পিছত নুমলীগড়ৰ পৰা গহপুৰলৈ ছয় লেনযুক্ত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ নিৰ্মাণ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ওপৰেৰে ৩২  কিলোমিটাৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে ভাষণত ৷ পূৰ্বে কোনো এখন চৰকাৰে এনে চিন্তা কৰা নাছিল অসমৰ ক্ষেত্ৰত ৷ 

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে আজিৰ পৰা ১০ বছৰ পূৰ্বে অসমত বিহু বা উৎসৱৰ সময়ত গুলী-বাৰুদ ফুটিছিল৷ কিন্তু বি জে পিৰ শাসনকালত এতিয়া শান্তি-সম্প্ৰীতি ঘূৰি আহিছে৷  বড়ো চুক্তি, আদিবাসী চুক্তি, কাৰ্বি চুক্তিৰ জৰিয়তে অসমৰ আই-মাতৃ সকলে পুত্ৰ হেৰুৱা বেদনাত চকুলো টুকিব লগা হোৱা নাই এতিয়া ৷ সময় সলনি হ’ল। বন্দুক-বাৰুদৰ মাতত ব’হাগ এতিয়া নাহে, কুলি-কেতেকীৰ মিঠা মাতহে ব’হাগ আহে৷ অসমত এতিয়াও এনে মানুহ আছে অসমখন আন্দোলমুখী কৰি ৰাখিব খোজে৷ 

‘কা’ বিৰোধী আন্দোলনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক সমালোচনা কৰে৷ তেওঁ কয় যে অখিল আৰু লুৰীণে দুই কোটি বাংলাদেশী অসমলৈ আহিব বুলি কোৱাত চাবুৱাৰ পৰা উজনি অসমত ৰাইজে আন্দোলন কৰিছিল ৷ প্ৰধানমন্ত্ৰী মোদী আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে বাংলাদেশৰ মানুহ নালাগে, চৰাই এটাও অসমলৈ আহিব নোৱাৰে৷ ‘কা’ গৃহীত হৈ গ’ল, কিন্তু আন্দোলনকাৰীয়ে কোৱাৰ দৰে এজন বিদেশীও দেখুওৱাব নোৱাৰিলে৷ নিৰ্বাচনৰ পিছতে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক সুধা হ’ব যে মিছা কথা কৈ কিয় পাঁচজন যুৱকক মৃত্যু মুখলৈ ঠেলি দিলে৷ অসমীয়া মানুহ এনেকুৱা নহয় যে ‘জয় আই অসম’ বুলি ক’লে আন্দোলন হয়৷ 

আনহাতে সাংবাদিকৰ বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে৷ গৌৰৱ গগৈ আৰু অখিল গগৈয়ে ঈদৰ দিনা নামাজ পঢ়াক লৈ তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুয়োজন বিৰোধী নেতাই নামাজ পঢ়িব জানে৷ কিন্তু একে আধ্যাত্মিকতা নিহিত হৈ থকা ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনটোত গৌৰৱ গগৈ আৰু অখিল গগৈয়ে কিয় অনুভৱ নকৰিলে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে নগাঁৱত ধৰ্ণা দিছিল৷ ঈদৰ প্ৰতি যিটো সন্মান, ৰাম মন্দিৰৰ প্ৰতিও সেই সন্মান থাকিব লাগিছিল বুলি বিৰোধী দুয়োগৰাকী নেতালৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ৷ 

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে অসমৰ মুছলমানসকলৰ সমস্যা তুষ্টিকৰণে সমাধান সম্ভৱ নহয়৷ মুছলমানসকলে চৰকাৰী চাকৰি পাব লাগিব, পঢ়া-শুনা কৰিব লাগিব, সেয়া কেৱল নামাজ আদায় কৰিলে নহ’ব৷ নামাজ পঢ়ি দুখীয়াৰ ঘৰ নবনালে ন’হব৷ চৰকাৰী চাকৰি নিদি, বাল্য বিবাহৰ বিৰুদ্ধে মাত নামাতিলে এটা জাতিক বা সম্প্ৰদায়ক ভালপোৱা নুবুজাব৷ ভূপেন বৰাই ভগৱান কৃষ্ণক যেতিয়া লাভ জেহাদী বুলি কৈছিল৷ তেতিয়া গৌৰৱ গগৈ ক’ত আছিল বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে৷ সমগ্ৰ অসমৰ সমাজখনে ভগৱান শ্ৰীকৃষ্ণক বিশ্বাস কৰে। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে বৰাই কোৱাৰ সময়ত অসমীয়া সমাজখনলৈ মনত নপৰা অখিল গগৈ আৰু গৌৰৱ গগৈ ক’ত আছিল। এনেবোৰ কথাৰ পৰা বুজিব পৰা যায় যে এইসকল নেতাই তুষ্টিকৰণৰ ৰাজনীতি কৰে৷ নিৰ্বাচনী সভাখনত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীকে ধৰি বিধায়ক বিনোদ হাজৰিকা, বিধায়ক পোনাকণ বৰুৱা, চাবুৱা-লাহোৱাল সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা বিকুল ডেকা আদিকে ধৰি কেইবাগৰাকী স্থানীয় বিজেপি কৰ্মকৰ্তা উপস্থিত আছিল৷